লখিমপুৰঃ লখিমপুৰ জিলা কোঁচ-ৰাজবংশী সন্মিলনী আৰু সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ উদ্যোগত জিলা পুথিভঁৰালত ৫০৯ সংখ্যক কেন্দ্ৰীয় চিলাৰায় দিৱস উদযাপন কৰে৷

উক্ত চিলাৰায় দিৱসত উপস্থিত থাকে ১৪ নং লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা লগতে চিলাৰায় দিৱসৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে লখিমপুৰ জিলা কোচ-ৰাজবংশী সম্মিলনী আৰু সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সংন্থাৰ বিষয়ববীয়াসকল৷

আনহাতে, উক্ত কাৰ্য্যসূচী মৰ্মে পুৱা ১০ বজাত বীৰ চিলাৰায় প্ৰতিমূৰ্তিত বন্তি প্ৰজলন, মাল্লৰ্পন আৰু পতাকা উত্তোলনৰ কাৰ্য্যসূচীৰে আৰম্ভণি কৰি এখন মুকলি সভাৰ আযোজন কৰে।