জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হেচামৰা চাপৰিত এই ঘটনা। নিজ বাসগৃহত কাম কৰি থকা অৱস্থাত জমছেৰ আলী (৪৫) নাম ব্যক্তি জন বিদ্যুৎস্পৃষ্ট হয়৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ ১০৮ সহায়ত বগীনদী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

সম্পত্তি বগীনদী আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এক মাত্ৰ উপাৰ্জন কাৰি দিন হাজিৰা কৰা মৃত জমছেৰ আলীয়ে পত্নী সহ ৫ টাকৈ সন্তান এৰি থৈ যায়।

এতিয়া দুৰ্ভগীয়া পৰিয়াটোৰ মাজত অন্ধকাৰ নামি আহিছে।