জিয়াউল আলী,লখিমপুৰ 

লখিমপুৰঃ দিনক দিনে লখিমপুৰ পৰিণত হৈছে অপৰাধী ৰম্যভূমিলৈ৷ ড্ৰাগচ, ভাং, ট্ৰী খেল আদি বিভিন্ন অপৰাধজনিত কাৰ্য্যই ঠন ধৰি উঠিছে লখিমপুৰত৷ সমানে লক্ষীমপুৰত অব্যাহত আছে বাইক চোৰৰ দপ-দপনি৷ নিতৌ বিভিন্ন স্থানত সংঘটিত হৈ আছে বাইক চুৰিৰ ঘটনা।

লখিমপুৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা (৩১/৫/১৯) অভিযান চলাই বিভিন্ন স্থানৰপৰা আটক কৰিছে চাৰিটাকৈ বাইক চোৰক। উদ্ধাৰ হৈছে তিনি খনকৈ বাইক, বহু কেইটা মোবাইল ফোন আৰু বাইক চুৰিত ব্যবহাৰ কৰা বিভিন্ন সামগ্ৰী।

বাইক চোৰ কেইটা হ’ল চিমেন চাপৰিৰ মানস বৰা(২৬), পানীগাঁও আমতলাৰ ৰাকেশ পেগু(৩২), পহুমৰাৰ জিতেন পেগু(২৭) আৰু হাৰমতিৰ নয়ন বড়ি(২৯)৷

ইতিমধ্যে ধৃত চোৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰু বহু কেইটা চোৰৰ সন্ধান অব্যাহত ৰাখিছে লক্ষীমপুৰ আৰক্ষীয়ে।