লখিমুপুৰঃ ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী সমিতি উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত লখিমপুৰ নকাড়ী বিহু মঞ্চত এই সভা অনুষ্ঠিত হয়।
ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ মূল লক্ষ্য আৰু উদ্যেশ্য হৈছে লোকতন্ত্ৰত ভোটাৰেই ৰজা।
উক্ত নিৰ্বাচনী বিশাল জনসভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতি বিষয়ববীয়াৰ লগতে ভিপি আইৰ ৰাজ্যিক সমিতিৰ সভাপতি ললিত পেগু আৰু লখিমপুৰ জিলা বিষয়ববীয়াসকল৷
১৪ নং লখিমপুৰ সমষ্টিৰ ভিপিআই দলৰ মনোনীত প্ৰাৰ্থী ভোপেন নৰহও এই বিশাল নিৰ্বাচনী সভা উপস্থিত থকাৰ লগতে ভাষণ প্ৰদান কৰি সভাত উপস্থিত থকা ৰাইজক গেছ ছিলিণ্ডাৰ ছবিত ভোট দি ভিপিআই দলক জয়যুক্ত কৰি সকলো ভোটাৰে প্ৰতিমাহে ৬০০০ টকাকৈ ভোটাৰশ্বীপ লাভ কৰাৰ লগতে লোকতন্ত্ৰত ভোটাৰেই ৰজা হোৱাৰ সুযোগ লাভ কৰাৰ কথা প্ৰকাশ কৰে৷ মুঠৰ ওপৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্দলীয়, ৰাজনৈতিক দলৰ তৎপৰতা পৰিলক্ষিত হোৱা দেখা গৈছে৷