লাকুৱাঃ হোলী উৎসৱৰ আনন্দত মতলীয়া সকলো। দেওবাৰে ফাগুণী পূৰ্ণিমাৰ দিনা লাকুৱাত প্ৰদৰ্শিত হল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওঁনা। লাকুৱা লোনপুৰীয়া বৰনামঘৰত প্ৰদৰ্শিত শ্ৰীশ্ৰী নৃসিংহ মূৰাৰী ভাওনা প্ৰদৰ্শন কৰা হয়। ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা বিশ্বজনীন প্ৰেম ভাতৃত্ববোধ গঢ়াৰ লগতে মহাপুৰুষজনাৰ আদৰ্শ ভাওনাৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ মানসেৰে মঞ্চস্থ কৰা ভাওনাত মহিলাৰ চৰিত্ৰত যুৱকৰ সুন্দৰ অভিনয় আৰু ভগৱানৰ অৱতাৰ বৰাহৰ লগতে সমূহ চৰিত্ৰৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে।