56
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় বিচিআইৰ বিশেষ আদালতে শনিবাৰে লালু প্ৰসাদ য়াদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰে৷ লালু প্ৰসাদ য়াদৱক তিনি বছৰ ৬ মাহ জেলত থাকিব লগাৰ লগতে ৫ লাখ টকা জৰিমণা সৈতে শাস্তি ঘোষণা কৰে৷
অৱশেষত ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰে৷