ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় চিবিআইৰ বিশেষ আদালতে ০৬ জানুৱাৰীত লালু প্ৰসাদ য়াদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰে৷ লালু প্ৰসাদ য়াদৱক তিনি বছৰ ৬ মাহ জেলত থাকিব লগাৰ লগতে ৫ লাখ টকা জৰিমণাৰ সৈতে শাস্তি ঘোষণা কৰে৷
৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰে৷ বৰ্তমান ৰাঁচিৰ বিৰছা মুণ্ডা চেন্ট্ৰাল জেলৰ বাসিন্দা লালু। বিহাৰে নহয় সমগ্ৰ দেশত লালুৰ অনুগামী আছে। লালুৰ বাবে সকলো কৰিব পাৰে। লালুৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ বিহাৰত সাজু আছে বহু লোক।