ডিজিটেল ডেস্কঃ ১৪ বছৰ জেলত কটাবলগীয়া আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ বৰ্তমান স্বাস্থ্যৰ অৱনতি ঘটিছে৷ ১৭ মাৰ্চৰ পৰা ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অফ মেডিকেল ছাইন্সত চিকিৎসাধীন হৈ আছিল যাদৱে৷ কিন্তু নেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ হৈ নুঠাৰ পৰিপ্ৰেক্ষিতত ৰিমছৰ চিকিৎসক তথা চিবিআইৰ বিশেষ আদালতে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰে লালুক৷
বৃহস্পতিবাৰে লালু প্ৰসাদ যাদৱে ৰাজধানী এক্সপ্ৰেছ যোগে ৰাজধানীত উপস্থিত হৈয়েই আক্ৰমণৰ লক্ষ্য কৰি লয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক৷ কুমাৰক কটাক্ষ কৰি লালুৱে কয়, বিহাৰত বৰ্তমান চাৰিওফালে হিংসাত্মক পৰিস্থিতি বিৰাজমান৷ বিজেপিয়ে ৰাজ্যখনত এতিয়া হিংসাৰ বিষবাষ্প বিয়পাই দিলে৷ যাৰ বাবে নীতিশ বিহাৰত একেবাৰে বিধ্বস্ত হৈ গ’ল৷