53
লালুকঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেওবাৰে লালুক থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক লৈ এখন সজাগতা সভা অনুস্থিত কৰে৷ সভাত সভাপতিত্ব কৰে থানা কমিটিৰ স্থায়ী সভাপতি হেমন্ত দত্তই৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লালুক থানাৰ চক্ৰ সংগঠক ভবেন দত্তই৷ সভাত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গাঁওৰক্ষী বাহিনী সমুহৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত বিশদভাৱে আলোচনা কৰে৷