Home ৰাজ্যদৰঙ জিলাৰ অন্তৰ্গত লালুপুল সমবায় সমিতি লিমিটেডৰ সৌজন্যত বছৰেকীয়া সভা অনুষ্ঠিত

দৰঙ জিলাৰ অন্তৰ্গত লালুপুল সমবায় সমিতি লিমিটেডৰ সৌজন্যত বছৰেকীয়া সভা অনুষ্ঠিত

by News Desk
A+A-
Reset
65fd67c7-fe0e-4ac3-876b-05f26b074aa4

newsnestone.com| দৰংঃ দৰং জিলাৰ অন্তৰ্গত লালপুল সমবায় সমিতি লিমিটেডৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বছৰেকীয়া সাধাৰণ সভাখন আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । ৰাতিপুৱা ৯ বজাৰ পৰা লালপুলস্থিত সমিতিৰ কাৰ্যালয় প্ৰাঙ্গণত প্ৰায় সাত শতাধিক স্থানীয় ৰাইজ, সমিতিৰ অংশীদাৰী সকল উপস্থিত থাকে। লালপুল সমবায় সমিতি লিমিটেডৰ সভাপতি ছমছেৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক আলহাজ ছানাউল্লাই।

সভাত বিগত ২০১৭-১৮ বৰ্ষৰ প্ৰতিবেদন পাঠ, ২০১৭-১৮ বৰ্ষৰ চৰকাৰী হিচাপ পৰীক্ষাৰ উদৃত্ত পত্ৰ পাঠৰ লগতে ২০১৮-১৯ চনৰ সৰ্বোচ্চ ঋণৰ সীমা নিৰ্ধাৰণ আৰু বাজেট গ্ৰহণ কৰা হয়। উক্ত সভাৰ জৰিয়তে সমিতিৰ সভাপতি ছমছেৰ আলীয়ে দুখীয়া দৰিদ্ৰ ৰাইজৰ অভাৱ অভিযোগবোৰ শুনি অনাগত দিনত সেইবোৰ কিদৰে সমাধান কৰিব পৰা যায় তাৰে চিন্তা চৰ্চা কৰি প্ৰস্তাৱ আকাৰে উৰ্ধতম কৰ্ত্তৃপক্ষৰক অৱগত কৰাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। ইয়াৰ উপৰিও উক্ত সভাত প্ৰাক্তন শিক্ষক মুছলিম উদ্দিন আহমেদ আৰু গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বৰাফত আলীয়ে ৰাইজক উদ্দেশ্যি পৰামৰ্শ মূলক ভাষণো প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0