76
লামডিংঃ ৰেল লাইনৰ মাজতে ভুমিস্খলন হৈ আবদ্ধ হৈ পৰিছে কেইবাখনে ৰেল৷ লামডিঙত বৰষুনৰ ফলত পাহাৰৰ মাটি খহি হাৱাইপুৰ আৰু লামচাখং ৰেল ষ্টেচনৰ মাজত ৰেল লাইন আবদ্ধ হৈ পৰে৷ যাৰ ফলত কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল বিভিন্ন ঠাইত আবদ্ধ হৈ পৰাত ৰেল চলাচল বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷
উজনিমুৱা জনশতাব্দী ট্ৰেইনখন দলপুখুৰীত, উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ ৰেলগাড়ীখন হাৱাইপুৰত, নামনিমুৱা মৰিয়নী ৰেলগাড়ীখন লামডিঙত আবদ্ধ হৈ পৰে৷