ডিফুঃ জাৰ্ণেলিষ্ট এছ’চিয়েছন ফৰ আচাম চমুকৈ ‘জাফাৰ’ সভাপতি তথা কাৰবি আংলং জিলাৰ ডিফুৰপৰা কাৰ্বি ভাষাত প্ৰকাশিত “দৈনিক থেকাৰ” কাকতৰ সম্পাদক লংচিং টেৰণক কৰ্ণাটকত বিশেষ বঁটাৰে পুৰষ্কৃত কৰা হয়৷
প্ৰাপ্ত তথ্য অনুসৰি ভাৰত বিকাশ সংগম নামৰ এক সংগঠনৰ উদ্যোগত সাংবাদিকতাৰ ক্ষেত্ৰখনত বিশেষ স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক উন্নয়ণৰ সেৱাত অৰিহণা যোগোৱাৰ বাবে লংচিং টেৰণক কৰ্ণাটকৰ কাৰ্গুডৰ এক বিশাল সমাগমৰ মাজত মানপত্ৰ, স্মাৰক আৰু ২৫ হাজাৰ টকাৰ নগদ ধনেৰে সন্মানিত কৰা হয়৷