52
লংকাঃ অসমত প্ৰবঞ্চকে মেলিছে জাল। বিভিন্ন লোভ দেখুৱাই বিভিন্নজনৰ পৰা লুটি নিছে লক্ষাধিক টকা। এনে এক অঘটনৰ পৰা আজি কথমপি ৰক্ষা পৰিল লংকাৰ এগৰাকী কলেজীয়া ছাত্ৰী।
জানিব পৰা মতে আজি পুৱা লংকা মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ এগৰাকী ছাত্ৰীলৈ ৯৫৭২২২-৮৬০৩২ নম্বৰৰ পৰা ফোন কৰি কোনো অজ্ঞাত লোকে নিজকে এয়াৰটেল অফিচৰ কৰ্মচাৰী বুলি পৰিচয় দি ছাত্ৰীগৰাকীৰ নামত এখন পালচাৰ বাইক আৰু নগদ ৫১০০০ হাজাৰ টকাৰ লটেৰী লগা বুলি কয়।