Home ৰাজ্যঅবাধে চলিছে কণীযুক্ত মাছ নিধন যজ্ঞ, মীন আইনক ভেঙুচালি, বিলুপ্তিৰ পথত থলুৱা মাছ

অবাধে চলিছে কণীযুক্ত মাছ নিধন যজ্ঞ, মীন আইনক ভেঙুচালি, বিলুপ্তিৰ পথত থলুৱা মাছ

by News Desk
A+A-
Reset
Untitled-4 copy_26_0

newsnextone.com | নগাঁওঃ ৰাজ্যৰ উজনি-নামনিত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱা হয়৷ মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এইবেলিও পেটত কণী থকা থলুৱা মাছৰ নিধন যজ্ঞ অব্যাহত ৰাখিছে৷ সমগ্ৰ ৰাজ্য খনতে এই কাণ্ড অব্যাহত ৰাখিছে একাংশ লোকে৷

বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলত মীন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি এচাম অসাধু ব্যৱসায়ীয়ে অবাধে ব্যাপক হাৰত পোণা মাছৰ লগতে কণীযুক্ত মাছৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে৷ বৰ্তমান মাছৰ প্ৰজনন ঋতু চলি থকাৰ সময়তে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেবেজীয়াৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাট আৰু ৰাইদঙীয়াৰ মাজেৰে বৈ যোৱা সোণাই নৈত অবাধ গতিত কণীযুক্ত মাছৰ নিধনযজ্ঞ চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷মীন আইনক সম্পূৰ্ণৰূপে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নৈখনৰ মাজগাঁও আৰু কাছমাৰী পথাৰ অংশটোত নিতৌ একাংশ মাছমৰীয়া আৰু মৎস্য ব্যৱসায়ীয়ে বুজন পৰিমাণৰ কণীযুক্ত মাছ নানা প্ৰকাৰে ধৰি ৰমৰমীয়া ব্যৱসায় নিৰ্ভয়ে চলাই আহিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0