শ্ৰীনগৰঃ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আবু মাজ আৰু তেওঁৰ সহযোগীক বুধবাৰে জম্মু আৰু কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷ আবু মাজ সন্ত্ৰাসবাদী সংগঠনটোৰ শীৰ্ষ নেতা আছিল৷ 

জম্মু আৰু কাশ্মীৰৰ বদগাম জিলাত সংঘটিত হয় এই ঘটনা৷ নিৰাপত্তাৰক্ষী তথা সন্ত্ৰাসবাদীসকলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদীয়ে ধাৰাসাৰে গুলী বৰ্ষণ কৰে৷ তাৰ পাছতেই নিৰাপত্তাৰক্ষীৰ দলে আৰম্ভ কৰে গুলীয়াগুলী৷ থিতাতে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আবু মাজৰ লগতে তেওঁৰ সহযোগীজনে প্ৰাণ হেৰুৱায়৷

বদগাম জিলাৰ গোপালপৰা নামৰ এলেকাত সন্ত্ৰাসবাদীৰ বিচৰণৰ উমান পাই নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ঘেৰাও কৰি অভিযান চলায়৷ সংঘৰ্ষৰ পাছতেই নিৰাপত্তাবাহিনীৰ গুলীত নিহত হয় আবু মাজে৷

সঘনাই সংঘটিত হোৱা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সন্ত্ৰাস এতিয়াও কমা নাই৷ মঙলবাৰে জম্মু আৰু কাশ্মীৰত কেইবাজনো সন্ত্ৰাসবাদীক নিধন কৰে যদিও সেনা জোৱানো শ্বহীদ হৈছিল৷