40
গোসাঁইগাঁওঃ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা আদিবাসী জনগোষ্ঠীৰ একালৰ শক্তিশালী নেতা তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা মিথিয়াছ টুডুৰ কালি পশ্চিমবংগৰ কোচবিহাৰস্থিত শুভম হাস্পতালত মৃত্যু হয়।
আজি নেতাগৰাকীৰ নশ্বৰ দেহ গোসাঁইগাঁৱৰ গ্ৰাহামপুৰস্থিত নিজ বাসভৱন আহি পোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ নেতা গৰাকীৰ নশ্বৰ দেহ বাসভৱনত অন্তিম শ্ৰদ্ধাৰ বাবে ৰখা হয়।