56
কোকৰাঝাৰঃ যি সময়ত ৰাজ্যত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত আশ্ৰয় শিবিৰত থকা বন্যাৰ্তই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে এগৰাকী লাট মণ্ডলে বন্যাৰ্তৰ বাবে প্ৰদান কৰা চাউল হৰলুকি কৰা ঘটনা পোহৰলৈ আহিছে।
এনেদৰে বন্যাৰ্তৰ চাউল হৰলুকি কৰি ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী কৰিবলৈ ধৰোতেই ৰাইজে হাতে লোটে ধৰি লাট মণ্ডলক আৰক্ষীক চমজাই দিয়া ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।