ডিব্ৰুগড়ঃ আমচাঙত যি হৃদয় বিদাৰক উচ্ছেদ কাৰ্য চলিল সেই কাৰ্যক ভাৰতৰ ছাত্ৰ ফেডাৰেছন আৰু মটক যুৱ-ছাত্র পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছে। কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চলোৱা এই উচ্ছেদ সঁচা অৰ্থত অমানৱীয়। এই উচ্ছেদিত ঠাইত বহু ছাত্ৰ-ছাত্ৰী আছে, ইয়াৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীও আছে।
উল্লেখযোগ্য যে ১৯৯৩ চনতে ৰাইজে স্থাপন কৰা ‘জনশিমলু উচ্চ ইংৰাজী বিদ্যালয়খনত ভূমি সম্পৰ্কীয় চৰকাৰী নথি-পত্ৰ থকা স্বত্বেও ভাঙি পেলালে প্ৰশাসনে। বৰ্তমান বিদ্যালয়খনত ২৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰত হৈ আছে তাৰে ভিতৰত ৪১ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী। উক্ত পৰীক্ষাত অৱতীৰ্ণ হবলগা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নপত্ৰ, পূৰ্বে মেট্ৰিক ত পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ ধ্বংসস্তুপৰ মাজত সোমাই পৰিল। অন্ধকাৰময় হৈ পৰিল বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত৷