newsnextone.com| ডিফুঃ বোকাজানৰ বিধায়ক ডা: নোমল ম’মিনে কাৰবি আংলঙত জনজাতি ক্ৰমে, আঞ্চলিক স্বায়ত্ত শাসিত পৰিষদ, আৰু গ্ৰাম পৰিষদ সৃষ্টিৰ ক্ষেত্ৰত বিলম্বৰ কাৰণে জনসাধাৰণৰ মাজত বিৰক্তিকৰ অভিজ্ঞতাৰে চৰকাৰৰ ভাৱমূৰ্ত্তিৰে ম্লান হব বুলি ৰাজ্যপাল জগদীশ মুখীলৈ লিখা এক পত্ৰৰ কথা ফাদিল হোৱাৰ পিছত জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছে বিধায়ক গৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷
আজি কাৰবি আংলং জিলা প্ৰেছ ক্লাবত জাকাছে এক সংবাদ মেলৰ আয়োজন কৰি জাকাছৰ অধ্যক্ষ খৰচিং টেৰণে বিধায়ক ম’নিনৰ দৰে এজন দায়িত্বশীল জনপ্ৰতিনিধিৰ এনে কাৰ্য সঁচাকৈ গৰিহণাৰ যোগ্য বুলি কয়৷ তিনি পাৰ্বত্য জিলাক সাঙুৰি ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীৰ বাবে থকা ২৪৪(ক) ৰূপায়ণৰ জৰিয়ত এখন স্বায়ত্ত ৰাজ্য বা পৃথক ৰাজ্য সৃষ্টি নকৰাকৈ পাৰ্বত্য জিলা কেইখনত কোনো প্ৰশাসনিক পৰিৱৰ্তন সম্ভৱ নহয়৷ বিধান সভাত সততে স্বায়ত্ত ৰাজ্য ইচ্যুক লৈ দম্ভালি মৰা বোকাজানৰ বিধায়ক ড: নোমল ম’মিনে মাননীয় ৰাজ্যপালক শীঘ্ৰে সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াই পাহাৰীয়া জনজাতি সকলৰ মাজত নতুন প্ৰশাসনিক ৰাজনৈতিক সুস্থিৰতা অনাৰ চেষ্টা কৰাৰ বাবে আহ্বান জনায়৷