newsnextone.com | ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে সোমবাৰে কয় যে চৰকাৰে নীৰৱ মোডী, মেহুল চোকসী, বিজয় মালিয়াৰ দৰে পলাতক ধন লুণ্ঠনকাৰী অপৰাধীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আইন প্ৰক্ৰিয়া শক্তিশালী কৰি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰৰ বিদেশী আদালতত আক্ৰমণাত্মক পদ্ধিতৰে আগুৱাই নি আছে৷

তেওঁ কয় যে চৰকাৰে পলাতক ধন লুণ্ঠনকাৰী অধ্যাদেশ, ২০১৮ জাৰি কৰিবলৈ বাধ্য হৈছে, কিয়নো ঘটনাৰ তদন্তৰ বিধেয়ক সংসদত হোৱা বিবাদৰ বাবে পাছ নহ’ল৷

আইন মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি নীৰৱ মোডীৰ অনুসৰণ কৰি আছো৷ কাৰণ আমি তেওংৰ আৰু চৌকসীৰ সম্পত্তিসমূহ জব্দ কৰাটো অতি প্ৰয়োজনীয়৷’ ইফালে বিজয় মালিয়া সন্দৰ্ভত ৰবিশংকৰ প্ৰসাদে কয় যে বিজয় মালিয়াৰ গোচৰৰ তদন্ত ভাৰতীয় অধিবক্তাই কৰি আছে৷

আইন মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘অভিযোগৰ পৰা কাকো ৰেহাই দিয়া নহ’ব৷ লাগিলে তেওঁ যিমানেই ডাঙৰ মানুহ নহওক অথৱা যাৰ যাৰ লগতে হাত থাকক৷’ আনফালে মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে অধ্যাদেশ বিষয়াসকলক ধৃত অপৰাধীসকলৰ ধন আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে৷