নলবাৰীঃ বুধবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত দেশ সেৱক তথা আৰ এছ এছৰ প্ৰাক্তন প্ৰয়াত নেতা, নলবাৰী বালিতাৰাৰ সুযোগ্য সন্তান শুক্লেশ্বৰ মেধি স্মাৰক বক্তৃতানুষ্ঠান খনি হৈ যায়৷
আৰ এছ এছ ৰ নেতা প্ৰশান্ত বুজৰবৰুৱাই আঁত ধৰা বক্তৃতানুষ্ঠানৰ বিষয় আছিল ভাৰতীয় অৰ্থনীতিত চীনৰ আগ্ৰাসনৰ বিৰুপ প্ৰভাৱ আৰু ইয়াৰ সমাধানৰ উপায়। উক্ত বিষয়ত বক্তৃতা প্ৰদান কৰি শিক্ষাবিদ তথা বুদ্ধজীৱি ডঃ ননীগোপাল মহন্ত ই কয় যে চীনা সামগ্ৰী অন্তৰৰ পৰা বিদায় দিয়াই প্ৰধান কাম।