লিডুঃ কাশ্মীৰৰ পুলৱামাত অলপতে সন্ত্ৰাসবাদীৰ আক্ৰমণ অকালতে প্ৰাণ আহুতি দিলে ৪৪ জনকৈ ভাৰতীয় বীৰ জোৱানে৷ শ্বহীদ বীৰ জোৱান সকলক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ সময়তে সোমবাৰে মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ এজন যুৱকে ফেচবুকত ভাৰত বিৰোধী মন্তব্য প্ৰকাশ কৰি ৰঙাঘৰত সোমোৱাৰ কাৰ্য্যই অঞ্চলজুৰি চাঞ্চ্যলৰ সৃষ্টি কৰিছে৷ 

লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ এইবাৰৰ চূড়ান্ত বৰ্ষৰ প্ৰশিক্ষাৰ্থী খাইৰুল আলম নামৰ এজন যুৱকে নিজা ফেচবুক পেইজত পাকিস্তান জিন্দাবাদ বুলি এটা বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে৷ 

উক্ত মন্তব্যৰ পাছতেই স্থানীয় একাংশ নাগৰিকে যুৱকজনৰ ঘৰত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে৷ উত্তেজিত জনতাই যুৱক জনক উত্তম মধ্যম সোধাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ 

পিছত লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ বৰ্তমান যুৱকজন লিডু আৰক্ষীৰ জিম্মাত৷ ইফালে, যুৱকজনক সহযোগীতা কৰাৰ সন্দেহত ৰিয়াজুল হক লস্কৰ নামে আন এজন যুৱককো আৰক্ষীয়ে আটক কৰিছে৷ বৰ্তমান লিডু আৰক্ষীৰ চকীত কেইবা শতাধিক উত্তেজিত জনতাই আটকাধীন ধৃত যুৱক কেইজনক জনতাৰ হাতত গতাই দিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 

উল্লেখ্য যে, শেহতীয়াকৈ আৰক্ষী সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত চাইকুল আলম নামৰ আন এগৰাকী যুৱকক আটক কৰিছে৷ বৰ্তমান উত্তেজিত জনতাই ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷