লিডুঃ বৃহস্পতিবাৰে লিডু ৰে’লৱে ৰংগমঞ্চত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ২ ঘন্টীয়া এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে৷ মাৰ্ঘেৰিটা মহকুমাৰ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ শীঘ্ৰেই মেৰামতি কৰাৰ লগতে উদ্যোগিক প্ৰশিক্ষন কেন্দ্ৰ ( ITI ) কলেজখন মুকলি কৰি দিয়াৰ দাবীত সংগঠনটোৱে এই কাৰ্যসূচীৰ ৰূপায়ন কৰে৷
সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক নেতা কৰ্মীয়ে পুৱা প্ৰায় ১০ বজাত লিডু ৰে’লৱে ৰংগমঞ্চত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’-গানৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি লিডু আঞ্চলিক সমিতিৰ উদ্যোগত অনুস্থিত হোৱা এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক পাপু দত্তই৷