57
লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কেনিয়া গাঁৱৰপৰা মঙলবাৰে এজন লোকক এন এছ চি এনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত জাগুন আৰক্ষীয়ে আটক কৰে।
ধৃত লোকজনৰ নাম ৰঞ্জিত মুৰা (৩২) বুলি জানিব পৰা গৈছে৷ ঘৰ লেখাপানীৰ নতুন কেনিয়া গাঁৱত। উল্লেখযোগ্য যে জাগুন আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ধৃত লোকজনক সুদীৰ্ঘ সময় ধৰি এন এছ চি এনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰি আহিছিল যদিও আটক কৰিবলৈ সক্ষম হোৱা নাছিল৷