লিডুঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী প্ৰতিবাদৰ ঢৌ৷ বিভিন্ন অ-ৰাজনৈতিক দল সংগঠন সমূহে প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে গনতান্ত্ৰিক প্ৰতিবাদ৷ শনিবাৰে টাই আহোম যুৱ পৰিষদে আহবান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত লিডুত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহেৰে সংগঠনটোৱে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে কলা পতাকা লৈ প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি গ’ বেক, সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে বিধেয়কখনৰ বিৰোধিতা কৰে৷