লিডুঃ উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীক কলইণ্ডিয়াৰ উৰ্ধতম কৰ্তৃপক্ষই ষড়যন্ত্ৰমুলকভাৱে অব্যাহতি দিব বিচাৰা কাৰ্যত প্ৰতিবাদৰ ঢৌ অব্যাহত আছে৷ বহুবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি আহিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নায়৷ 

যাৰ পৰিপ্ৰেক্ষিত ক্ষোভিত হৈ সোমবাৰে পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তৰ-পূব কয়লাক্ষেত্ৰৰ মুখ্য মহাপ্ৰৱন্ধক কাৰ্যলয়ৰ সন্মুখত এক তলা বন্ধ কাৰ্যসূচীৰ ৰূপায়ন কৰে৷ সংগঠনকেইটাৰ শতাধিক নেতাকৰ্মীয়ে পুৱা প্ৰায় ৯ বজাৰ পৰাই কাৰ্য্যলয়টোৰ মুল প্ৰবেশদ্বাৰৰ সন্মুখত বিভিন্ন ধৰনৰ শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ 

যাৰ ফলত কাৰ্যলয়ৰ কাম সম্পূৰ্ণ ৰূপে স্তদ্ধ হৈ পৰে৷ শেষত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৰফৰপৰা আশ্বাস প্ৰদান কৰাৰ ফলত কাৰ্যসূচী উঠাই ল’বলৈ বাধ্য হয়৷ উল্লেখ্য যে, উত্তৰ-পূব কয়লা ক্ষেত্ৰই প্ৰায় দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীক ষড়যন্ত্ৰমূলকভাৱে অব্যাহত দি তাৰ ঠাইত প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ পৰিকল্পনা ৰচিছে, যাক কোনোপধ্যেই মানি লোৱা নহ’ব বুলি সংগঠন কেইটাই স্পষ্ট কৰি দিছে৷  উত্তৰ-পূব কয়লাক্ষেত্ৰৰ এনে চক্ৰান্তমূলক সিদ্ধান্তক শীঘ্ৰেই প্ৰত্যাহাৰ নকৰিলে অনাগত দিনত প্ৰতিবাদ জংগী হোৱাৰো হুংকাৰ প্ৰদান কৰিছে৷ 

প্ৰতিবাদী কাৰ্যসুচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাপু দত্তই৷