ৱাৰ্ড মেম্বাৰ হৈ প্ৰতিনিধিত্ব কৰা ধ্ৰুৱ কোঁৱৰৰ অকাল মৃত্যু

 | by NNO Correspondent  |  0
Printer-friendly version

লিডুঃ ৰাজ্যৰ ১৬ খন জিলাত প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন যোৱা কালি অনুষ্ঠিত হৈ যায়৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাটো শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত যোৱা নিশা জাগুন জিলা পৰিষদৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ বিজেপি দলৰ  হৈ ৮ নং ৱাৰ্ড মেম্বাৰৰ ৰূপে প্ৰতিনিধিত্ব কৰা ধ্ৰুৱ কোঁৱৰৰ অকাল মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ এলেকাটোত৷

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ মানসেৰে বহুদিনৰ পৰা বুকুত বহু আশা প্ৰত্যাশা পুহি ৰাখি ৰাইজৰ মাজত জনপ্ৰতিনিধি হিচাপে সেৱা আগবঢ়াই যাবলৈ বিজেপিৰ দলৰহৈ অতি নিষ্ঠাৰে প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ পাছত হঠাৎ যুৱক জনৰ এনে অকাল মৃত্যুত এতিয়া মৰ্মাহত হৈ পৰিছে সমগ্ৰ জাগুনবাসী ৰাইজ৷  

বিজেপি দলৰ হৈ প্ৰতিনিধিত্ব কৰা ধ্ৰুৱ কোঁৱৰ (৩২) নামৰ যুৱকজনে বুধবাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত অতি দৃঢ়তাৰে সেৱা আগবঢ়াই অহাৰ পাছত নিৰ্বাচনৰ দলীয় কাম কাজ সম্পাদন কৰি নিশা ঘৰলৈ অহাৰ পাছতেই হঠাৎ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ পৰে৷ ৰক্তচাপ বৃদ্ধি হৈ স্বাস্থ্য অৱনতি ঘটাত পৰিয়ালৰ লোকে মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰে যদিও অকাল মৃ্ত্যুক সাবতি লয় যুৱকজনে৷ 

যুৱক জনৰ এনে আকস্মিক মৃত্যুক এতিয়া সহজ ভাৱে লব পৰা নাই সাধাৰণ ৰাইজে৷ মৃত্যুৰ সময়ত যুৱকজনে পত্নীসহ তিনিগৰাকী সন্তান এৰি থৈ যায়। আজি ৰাতিপুৱাই ধ্ৰুৱ কোঁৱৰৰ মৃত্যু খবৰ পাই সমগ্ৰ অঞ্চলৰ সকলো ৰাজনৈতিক দলৰ কৰ্মীসকলে তেখেতৰ ঘৰত উপস্থিত হৈ নশ্বৰ দেহ সমাধিৰ ব্যৱস্থা কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যুৱকজনৰ মৃত্যুত মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাইও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।