ওৰাং: ওৰাং আঞ্চলিক এবছুৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত কৰা এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় উপ-সভাপতিদ্বয় দীপেন বড়ো, ৰমিঅ' পি নাৰ্জাৰী, ওদালগুৰি জিলা এবছুৰ সভাপতি ৰতিন্দ্ৰ দৈমাৰী, বড়ো বজাৰ আঞ্চলিক এবছুৰ সভাপতি চৌদম দৈমাৰী, ওৰাং আঞ্চলিক এবছুৰ সভাপতি মহেশ মোছাহাৰীয়ে কয় যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষণ এলেকাৰ পৰা ওলাই অহা এটা ঢেঁকীয়াপটীয়া বাঘে বড়ো বজাৰ অঞ্চলৰ প্ৰায় ৬০ খন গাঁৱৰ ৰাইজৰ সৈতে দহ মাহ সহবস্থান কৰাৰ পিছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ একপ্ৰকাৰে অতিস্থ হৈ পৰিছে।

অসম চৰকাৰ, বিটিচিৰ চৰকাৰৰ বিয়াগোম বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে বনৰজাই জনঅৰণ্যত প্ৰবেশ কৰি নিতৌ সাধাৰণ ৰাইজৰ পশুধন সমূহ ভক্ষণ কৰি আহিছে।

ৰাইজৰ অভিযোগ অনুসৰি, বাঘটোক নিজৰ বাসস্থানলৈ উভতাই পঠিয়াবলৈ বন বিভাগে যি ধৰণে ব্যবস্থা গ্ৰহণ কৰিব লাগিছিল সেই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাইজে বিগত দহমাহে ভয় শংকাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছে। ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অহা যোৱা, খেতিয়ক ৰাইজৰ খেতি পথাৰৰ কাম কাজ, ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ দৈনন্দিন জীৱন ধূসৰ হৈ পৰিছে।

২০১৭ চনৰ নবেম্বৰ মাহত বড়োবজাৰ অঞ্চলত প্ৰৱেশ কৰি বাঘটোৱে প্ৰায় ৩৭ টা পশু ধন ভক্ষণ কৰে। ইয়াৰ ভিতৰত ৮ টা পৰিয়ালক বন বিভাগৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰে যদিও বাকী ৰাইজক কোনো ধৰণৰ ক্ষতি পূৰণ প্ৰদান কৰা নাই। ফলত সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বাঘটো যদি এই ধৰণে পশুধনৰ ক্ষতি সাধন কৰি থাকে ৰাইজ জুৰুলা হৈ পৰিব বুলি আক্ষেপ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে তেতিয়াৰ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক এবছুৰ উদ্যোগত গুৱাহাটীত গৈ অঞ্চলবাসী ৰাইজে লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম ১০ ফেব্ৰুৱাৰীত উক্ত অঞ্চলটোত উপস্থিত হৈ ৰাইজক সঠিক ব্যৱস্থা গ্ৰহণৰ বাবে আশ্বাস প্ৰদান কৰিছিল। কিন্তু বন বিভাগে হাতী, দ্ৰোণ, জেচিবি ব্যৱহাৰ কৰিও বাঘৰ সন্ধান উলিয়াবলৈ সক্ষম নহ'ল। কিন্তু বন বিভাগে পিঞ্জৰাৰ বাবে সাজু কৰা গৰু, ছাগলী আদি বাঘে লৈ উধাও হৈছিল।

এবছুৰ বিষয়ববীয়া সকলে আক্ষেপ প্ৰকাশ কৰি কয় যে, অসমৰ বিভিন্ন স্থানত নাহৰফুটুকী বাঘ বহু সময়ত ৰাইজৰ মাজত প্ৰবেশ ঘটাৰ ফলত হত্যা কৰিছে একাংশ লোকে। কিন্তু বড়োবজাৰ অঞ্চলৰ ৰাইজে কিন্তু বাঘৰ সৈতে সহৱস্থান কৰিও সেই ধৰণৰ সন্ত্ৰাসৰ পৰিবেশ সৃষ্টি কৰা নাই। প্ৰায় দহমাহ কাল বাঘৰ সৈতে সহবস্থান কৰাৰ পিছত অঞ্চলবাসী ৰাইজে বিছাৰিছে যে অসম চৰকাৰ বা সংশ্লিষ্ট বিভাগসমূহে বাঘটো নিজ স্থানত পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

অন্যথা কোনো দুষ্ট লোকৰ হাতত যদি বাঘটোৰ মৃত্যু ঘটে তেন্তে অঞ্চলবাসী ৰাইজৰ ৰাষ্ট্ৰীয় পশুটিক ক্ষতি নকৰাকৈ দহমাহ অতিক্ৰম কৰা বা নিজৰ পশুধনৰ ক্ষতি হোৱা স্বত্বেও ধৈৰ্যৰ বান্ধ নিচিগি চৰকাৰলৈ আশা পালি থকাটো অনৰ্থক হ'ব।