যোৰহাট/মৰিয়নীঃ দেওবাৰে পুৱাৰে পৰা যোৰহাটত নাহৰফুটুকীৰ আতংকই উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে একাংশ লোকে খেদি খেদি নাহৰফুটুকী হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে৷ জানিব পৰা মতে, যোৰহাট গায়ন গাঁৱত যোৱা কিছুদিন ধৰি এটি নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছিল। তাৰ পিছতেই দেওবাৰে পুৱাই ভোগদৈ নৈত গা-ধুবলৈ যোৱা কেইজনমান লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে৷
কিছু সময় পিছতেই গাঁয়ন গাঁৱত বাঘে মানুহক আক্ৰমণ কৰাৰ খবৰ প্ৰচাৰ হয়৷ খবৰ লাভ কৰিয়েই একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত হৈ পৰা লোকসকলে হাতে হাতে লাঠি-জোং লৈ ওলাই আহে৷ নৈৰ পাৰ চলাধ কৰি নাহৰফুটুকী বিচাৰি থাকোতেই নাহৰফুটুকীয়ে জংঘলৰ পৰা ওলাই কেইবাগৰাকী লোকক আক্ৰমণ কৰে৷ তাৰ পিছতেই নাহৰফুটুকীৰ সৈতে কেইবাগৰাকী লোকৰ যুদ্ধ হয়৷