মোৰাঝাৰঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০১৭ চনৰ পৰীক্ষাত উজলি উঠিছে ভালেকেইজন অসমৰ সন্তান৷ বিগত কেইবাটাও বছৰৰ ভিতৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰিছে অসমৰ সন্তানে৷ সবৰ্ভাৰতীয় পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১৬গৰাকী অসমৰ পৰীক্ষাৰ্থী সফলতাত ৰাজ্যবাসীয়ে আনন্দিত হৈ পৰিছে৷
তাৰ লগে লগে আন এক খবৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ১৬ জনকৈ মেধাৱী অসম সন্তানে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰাৰ সময়তে ৰাজ্যখনৰ এগৰাকী আমোলাই নিজৰ দক্ষতাৰ বাবে সন্মান বুটলিবলৈ সক্ষম হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগত কৰ্মৰত আইআইএছ বিষয়া অসম সন্তান মাৰুফ আলমে নিজৰ দক্ষতাৰ বাবে নিজ বিভাদৰ উচ্চ পদস্থ বিষয়াৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ নিজৰ বিভাগক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা আলমক নিজৰ বিভাগে আনুষ্ঠানিকভাৱে প্ৰশংসা কৰা পৰিলক্ষিত হয়৷