মোৰাঝাৰঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০১৭ চনৰ পৰীক্ষাত উজলি উঠিছে ভালেকেইজন অসমৰ সন্তান৷ বিগত কেইবাটাও বছৰৰ ভিতৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰিছে অসমৰ সন্তানে৷ সবৰ্ভাৰতীয় পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১৬গৰাকী অসমৰ পৰীক্ষাৰ্থী সফলতাত ৰাজ্যবাসীয়ে আনন্দিত হৈ পৰিছে৷ 

তাৰ লগে লগে আন এক খবৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ১৬ জনকৈ মেধাৱী অসম সন্তানে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰাৰ সময়তে ৰাজ্যখনৰ এগৰাকী আমোলাই নিজৰ দক্ষতাৰ বাবে সন্মান বুটলিবলৈ সক্ষম হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগত কৰ্মৰত আইআইএছ বিষয়া অসম সন্তান মাৰুফ আলমে নিজৰ দক্ষতাৰ বাবে নিজ বিভাদৰ উচ্চ পদস্থ বিষয়াৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ নিজৰ বিভাগক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা আলমক নিজৰ বিভাগে আনুষ্ঠানিকভাৱে প্ৰশংসা কৰা পৰিলক্ষিত হয়৷ 

মাৰুফ আলমে বিগত দুবছৰে নিজ উদ্যোগত প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাৰ লগতে দেশৰ বিভিন্ন গ্ৰন্থমেলাত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে৷ গুৱাহাটী  গ্ৰন্থমেলাতো বিশেষ উদ্যোগ গ্ৰহণ কৰি প্ৰকাশন পৰিষদৰ গ্ৰন্থ বিপনী বহুৱাই আহিছে৷ গুৱাহাটী গ্ৰন্থমেলা সামৰণি পৰাৰ পিছতে প্ৰকাশন বিভাগৰ মহানিৰ্দেশক ডা০ সাধনা ৰাওতে এক পত্ৰ যোগে ভূয়সী প্ৰশংসা কৰে মাৰুফক৷ গুৱাহাটী  গ্ৰন্থমেলাত ৯.৬৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী কৰি অভিলেখ গঢ়ে মাৰুফে৷  

গ্ৰন্থ মেলাত অভিলেখ সংখ্যক গ্ৰন্থ বিক্ৰি কৰি বিভাগক নতুন দিশ দিয়াত মাৰুফ আলমক প্ৰশংসা কৰে৷ আনকি বিভাগৰ সহকৰ্মীৰ বাবে মাৰুফ আলমক এক আদৰ্শ বুলি স্বীকৃতি দিয়ে আৰু উন্নত কাম-কাজৰ বিষয়ে মন্ত্ৰালয়ক অৱগত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ হোজাইৰ সমাজকৰ্মী ফয়জুল হকৰ পুত্ৰ মাৰুফ আলমক নিজৰ বিভাগে প্ৰশংসা কৰাত হোজাইবাসী উৎফুল্লিত হৈ পৰিছে৷