newsnextone.com | ওদালগুৰিঃ সৰ্বশিক্ষা অভিযান প্ৰেৰণ কৰা এখন পত্ৰই খলকনি লগাইছে বিটিএডি এলেকাত৷ সৰ্বশিক্ষা অভিযানৰ কাহিলীপাৰাস্থিত কাৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰ খন ফাদিল কৰিছে ৰাজ্যৰ বহুকেইখন জিলাৰ শিক্ষা বিভাগৰ লগতে বিটিচিৰ শিক্ষা বিভাগ। পত্ৰখনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শনৰ দায়িত্বত থকা একাংশ চিআৰচিচিসকলে দায়িত্বত পালনত গাফিলতি কৰাৰ কথা পোহৰলৈ আহিছে। চিআৰচিচিসকলে মাহত এবাৰকৈ হ’লেও প্ৰতিখন বিদ্যালয় পৰিদৰ্শন কৰি তাৰ চিন স্বৰূপে উপস্থিতিৰ তথ্য তেওঁলোকক চৰকাৰে দিয়া টেবলেটৰ জৰিয়তে অনলাইন পোৰ্টেলত আপলোড কৰিব লাগে যদিও সেই নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে পত্ৰ খনত৷ পত্ৰখনে উদঙাই দিছে তেওঁলোকে কৰ্তব্য কৰি অহা গাফিলতিৰ কথা।
