জাজৰিঃ ৰাইদঙীয়াৰ আইলক্ষী পহুকটা পুথিভড়ালৰ ৬৬সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হৈ যায়৷ দেওবাৰে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰাৰ পিছতে চিত্রাংকন, কুইজ প্ৰতিযোগিতাৰ লগতে শিশুসকলৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়৷
নিশা ৮বজাত নাট্যকাৰ অভিজিৎ ভৰ্ট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ভুল নুবুজিবা ভূপেন দা” মঞ্চস্থ কৰা হয়। সোমবাৰে ২ বজাত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি শৈলেন শইকীয়াৰ সঞ্চালনাত “গ্ৰাম্যপুথিভড়াল সাহিত্য, সংস্কৃতি ইত্যাদি” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।