খেৰণিঃ সকলো বাধাৰ প্ৰাচীৰ ভাঙি জীৱন সংগ্ৰামত ব্ৰতি হৈ শলাগ বুটলিবলৈ সক্ষম হোৱা পশ্চিম কাৰ্বি আংলঙৰ মুগাচং গাঁৱৰ নাৰায়ণ ভাণ্ডাৰী। মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ ফলতেই কথা কোৱাৰ অসুবিধা, দৃষ্টিহীন অৱস্থাত আৰু কাণেৰে শুনা শক্তি হেৰুৱাই পেলায়।
প্ৰবল বাধাক প্ৰত্যাহ্বান হিচাপে লৈ লাংফাংকী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা পাতনি মেলা যুৱকজনে এইবাৰ হোজাই কলেজৰ পৰা সু-খ্যাতিৰে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। কবিতা, গল্প, লগতে বিভিন্ন লেখা ভাল পোৱা শাৰীৰিক ভাৱে অক্ষম ছাত্ৰ নাৰায়ণ ভাণ্ডাৰীৰ সপোন আছিল তেওঁৰ নিজৰ গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰাৰ। শেহতীয়াকৈ বাস্তৱত পৰিণত হোৱাৰ পথত অগ্ৰসৰ হৈছে নাৰায়ণ ভাণ্ডাৰী সপোন।