অভয়াপুৰীঃ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল ঘৰ একো একোটা পুথিভঁৰাল৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো একেটা ঠাইতে মজুত থকা একো একো খন বৰ ঘৰ এই পুথিভঁৰাল৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ দিয়ে জ্ঞানৰ ভাণ্ডাৰ পুথিভঁৰালে৷ বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথিভঁৰালত থকা পুথি কেইখনে আপোনাক দিয়ে৷ পুথিভঁৰালত আদৰ আৰু নতুনকৈ বৰ্ণনা কৰিব লগা নাই৷
পুথিভঁৰাল থকা ঠাইত জ্ঞানী মানুহ থকা ঠাই বুলি আজিও কব খোজে মানুহে৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷ এই কথা যুগে যুগে বহু লোকে কৈ আহিছে৷ কিন্তু সময়বোৰ সলনি হ’ল৷ লাহে লাহে তথ্য আৰু প্ৰযুক্তি বিদ্যাই মানুহৰ হাতলৈ মোবাইল লৈ আহিল৷ সকলোৰে হাতে হাতে এণ্ডৰইড মোবাইল হোৱাৰ ফলত গুগলৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰিলে৷ মোবাইলতে বহু তথ্য লাভ কৰিব ধৰিলে মানুহে৷ বিশ্ব আগশাৰীৰ দেশ বোৰে অনলাইন আলোচনী তথা ই-আলোচনী গ্ৰন্থ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে৷ আমাৰ দেশত তথা ৰাজ্যত লাহে লাহে কেনে এক ধাৰণা আৰম্ব কৰিলে৷ বাতৰিৰ পৰা আৰম্ভ কৰি সকলো এতিয়া মোবাইলত পাবলৈ আৰম্ভ কৰিলে৷