লিডুঃ অসম-অৰুণাচল সীমান্তৰ জাগুনত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা৷ দেওবাৰে জাগুনৰ লামা তিনি আলিৰ পে’ট্ৰল ডিপুৰ সমীপত প্ৰায় দিনৰ ১২ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা।
AS-23-AC-5554 নম্বৰৰ তীব্র বেগী এখন বলেৰ’ পিকআপ গাড়ীয়ে সীতা সৰকাৰ (৪০) নামৰ এগৰাকী মহিলাক মহতিয়াই নিয়াত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ মহিলাগৰাকীয়ে ৰাজপথেৰে গৈ থকাৰ অৱস্থাত হঠাৎ বলেৰ’ পিকআপ গীড়ীখনে তীব্ৰ বেগেৰে মহতিয়াই নিয়াৰ পাছত সংকটজনক অৱস্থাত সীতা সৰকাৰক স্থানীয় জাগুন ক্ষুদ্র প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷