Home ৰাজ্যলিডুত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

লিডুত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

by News Desk
A+A-
Reset
d053fe16-6679-4efa-b285-a2c5486490db

newsnextone.com। লিডুঃ অৰুণাচল,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰমিত প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেওবাৰে লিডু কলেজ তিনিআলিৰ পৰা বজাৰস্থিত পেট্ৰ’ল পাম্পৰ লৈকে প্ৰায় ১ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় ঘাইপথেৰে এক জোঁৰ সমদল বাহিৰ কৰে৷

বিগত কিছুদিন ধৰি ধাৰাবাহিক ভাবে প্ৰতিবাদ অব্যাহত ৰখা সংগঠনটোৰ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই ৷ সংগঠনটোৰ মাঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একোডালকৈ জলন্ত অগ্নিশিখা প্ৰতিবা দ সাব্যস্ত কৰে৷ সংগঠনটোৱে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0