তিনিচুকীয়াৰপৰা উজ্জ্বল চৌধুৰীঃ অৰুণাচল,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰৰ, অৰ্থাৎ ইনাৰ লাইন পাৰমিট আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিষয়টোত কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ ক্ষোভিত হৈ পৰিছে সংগঠনটো৷
বুধবাৰে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া চহৰত ১০ ঘন্টীয়া অনশন কাৰ্যসূচীৰ ৰুপায়নেৰে এক প্ৰতিবাদ সাব্যস্ত কৰে৷