লিডুঃ তিনিচুকীয়া জিলাৰ অসম অৰুনাচল সীমান্তৱৰ্তী জাগুনত শনিবাৰে সেনা-আৰক্ষীয়ে ব্যাপক তালাচী চোলোৱাৰ পৰিলক্ষিত হয়৷

সেনা-আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত এলেকাটোত উগ্ৰপন্থী সংগঠনে  কুটাঘাট সংঘটিত কৰাৰ আঁচনি তৈয়াৰ কৰিছে। ইয়াৰ ভিত্তিত সতৰ্কতা অৱলম্বন কৰি অঞ্চলটোৰ বিভিন্ন কুটাঘাট সাম্ভাব্য এলেকাত ব্যাপক তালাচী চলায়৷

সন্ধিয়া প্ৰায় ৬ বজাৰপৰা বৰ্তমান পৰ্যন্ত সেনা-আৰক্ষীৰ বৃহৎ এটা দলে অঞ্চলটোৰ বিভিন্ন এলেকাত নিচিন্দ্ৰ পহৰা অব্যাহত ৰাখিছে ৷ যি কোনো সময়তে উপ্ৰপন্থী সংগঠনৰ দ্বাৰা ভয়ঙ্কৰ  কুটাঘাটৰ সংকেট লাভ কৰাৰ পাছত সেনাৰ এটা বৃহৎ দলে সমগ্ৰ অঞ্চলটোতে নিৰাপত্তা অধিক কটকটীয়া কৰি তুলাৰ পৰিলক্ষিত হৈছে ৷ যাতে উগ্ৰপন্থীয়ে কোনোধৰনৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে৷ কুটাঘাট সংঘটিত কৰাৰ আশংকা কৰি কেতবোৰ ঠাইত  নিষেধাজ্ঞা জাৰি কৰাৰ লগতে দুকান- বজাৰ সোনকালে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে৷

ৰাজহুৱা স্থান, ব্যস্ত অঞ্চলত চোকা দৃষ্টি ৰাখি তালাচী কটকটীয়া কৰি তুলিছে।