লিডুঃ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বানত সোমবাৰে ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মকভাৱে প্ৰভাৱ পৰে মাৰ্ঘেৰিটা মহকুমাত৷ অসম অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনৰ লগতে মাৰ্ঘেৰিটা, লিডু আদি অঞ্চলসমূহত বন্ধৰ সময়ছোৱাত যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাৰ পৰিলক্ষিত হয়৷
ইফালে মহকুমাটোৰ ভিন্ন প্ৰান্তৰত দিনটোত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই যদিও প্ৰতিবাদকাৰীয়ে জাগুনৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ।