62
লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৫ মাইলত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত ডাম্পাৰৰ চালকজন গুৰুতৰভাৱে আহত হয় আৰু স্থানীয় লোকৰ তৎপৰতাত চালকজনক মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকজন ঘটনাস্থলীৰপৰা পলায়ন কৰে। উল্লেখ্য যে পাঞ্জাব বডীৰ ট্ৰাকখনে অৰুণাচলৰ দিশৰপৰা আহি আছিল আৰৰু ডাম্পাৰখন অৰুণাচল প্ৰদেশ অভিমুখে গৈ আছিল।