64
উজ্জ্বল চৌধুৰী, লিডুঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাৰ বানিজ্য শাখাৰ ফলাফল অনুযায়ী ৰাজ্যখনৰ ভিতৰতে অষ্টম স্থানেৰে জিলিকি উঠিল মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীয়াংশু আগৰৱালা৷
মাৰ্ঘেৰিটাৰ নিবাসী তথা মহাবিদ্যালয়খনিৰ বাণিজ্য শাখাৰ অধ্যাপক বিনোদ আগৰৱালাৰ পুত্ৰ প্ৰীয়াংশু আগৰৱালাই মুঠ ৪৫৭ নম্বৰ লাভ কৰি মহাবিদ্যালয়খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷