উজ্জ্বল চৌধুৰী, লিডুঃ এচাম ব্যক্তিৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মণ্যতাৰ বাবে জাগুনৰ ফানেং গাঁৱত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা৷ উচ্চ বিদুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যু ঘটে ৭ বছৰীয়া এটি শিশুৰ৷
গুৰুতৰভাৱে আহত হয় আন এটি শিশু৷ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেং গাঁৱত সংঘটিত হয় এক কৰুণ দুৰ্ঘটনা৷ কাঠফুলা বিচাৰি গৈ অকাল মৃত্যুক আঁকোৱালি ল’লে আইনয় মানহায় নামৰ এটি ৭ বছৰীয়া শিশুৱে৷
জানিব পৰা মতে, পুৱা প্ৰায় ৭ মান বজাত আইনয় মানহায়ে তেওঁৰ দুই বন্ধুৰ সৈতে কাঠফুলা বিচাৰি ঘৰৰপৰা ওলাই আহে৷ পৰৱৰ্তী সময়ত শিশু কেইজনে কাঠফুলা বিচাৰি একেখন গাঁৱৰে ৰঞ্জিত পজিয়াল নামৰ এজন লোকৰ বাৰীত প্ৰৱেশ কৰিব লওঁতেই সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো৷
লোকজনে বাৰীত কোনো দুষ্কৃতিকাৰী প্ৰৱেশ কৰে বুলি সংযোগ কৰি ৰাখিছিল বিদুৎ প্ৰৱাহিত তাঁৰ৷ আৰু যাৰ পৰিনতিতে দুটি কণমানি শিশুৱে বাৰীত প্ৰৱেশ কৰিব খুজাত বিদ্যুৎস্পৃষ্ট হয়৷ থিতাতে মৃত্যুক আঁকোৱালী লয় আইনয় মানহায় নামৰ শিশুটি৷
গুৰুতৰভাৱে আহত হয় বাব্লু ভৌমিজ নামৰ আন এটি শিশু৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আহত শিশুটিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ৰঞ্জিত পাজিয়াল নামৰ লোকজনৰ ওপৰত ক্ষুদ্ধ হৈ পৰে৷
উত্তেজিত ৰাইজে ব্যক্তিজনৰ ঘৰ, বাৰী সকলো ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে এনে দুষ্কাৰ্যৰ বাবে প্ৰশাসনৰ উচৰত বিহিত ব্যৱস্থাৰ দাবী জনায়৷ বিদুৎ চুৰি কৰি এনেদৰে বাৰীত বিদুৎ সংযোগ কৰাক লৈ ৰাইজ অধিক উত্তেজিত হৈ পৰে৷
পাছত আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাতহে পৰিস্থিতি শাম কাটে৷ সম্প্ৰতি অভিযুক্ত ৰঞ্জিত পজিয়াল পলাতক অৱস্থাত আছে৷