50
উজ্জ্বল চৌধুৰী, লিডুঃ এক শোকাৱহ ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ ডিগবৈত৷ ডিগবৈত বিদ্যুৎস্পৃষ্ট হৈ একে ঘৰৰ দুই বোৱাৰী একেলগে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে৷
বোৱাৰী দুগৰাকী নাম ৰীতা মুখিয়া (২১) আৰু অঞ্জু মুখিয়া (৩৫)৷ ডিগবৈৰ ১ নং গোলাইৰ নিজা ঘৰত সংঘটিত হয় এই ঘটনা৷ ঘৰত একেলগে একেটা কোঠাত কাম কৰি থাকোতে বিদ্যুতৰ ওলমি থকা তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী বোৱাৰী।