Home ৰাজ্যঅসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ দাবীত জোঁৰ সমদল

অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ দাবীত জোঁৰ সমদল

by News Desk
63 views
A+A-
Reset

লিডুঃ অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ, অৰ্থাৎ ইনাৰ লাইন পাৰমিট প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে লিডু কলেজ তিনিআলিৰপৰা বজাৰস্থিত প্ৰট্ৰ’ল পাম্পলৈ প্ৰায় ১ কিল’মিটাৰ বাট জোঁৰ সমদল বাহিৰ কৰে৷ বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা সংগঠনটোৰ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই৷ 

সংগঠনটোৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একোডালকৈ জলন্ত অগ্নিশিখা লৈ জোঁৰ সমদল বাহিৰ কৰে৷ সংগঠনটোৱে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0