লিডুঃ অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ, অৰ্থাৎ ইনাৰ লাইন পাৰমিট প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে লিডু কলেজ তিনিআলিৰপৰা বজাৰস্থিত প্ৰট্ৰ’ল পাম্পলৈ প্ৰায় ১ কিল’মিটাৰ বাট জোঁৰ সমদল বাহিৰ কৰে৷ বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা সংগঠনটোৰ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই৷ 

সংগঠনটোৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একোডালকৈ জলন্ত অগ্নিশিখা লৈ জোঁৰ সমদল বাহিৰ কৰে৷ সংগঠনটোৱে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনায়৷ 

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নৰেপৰা অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন সময়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত আজিকোপতি কোনো গুৰুত্ব আৰোপ নকৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে এনেদৰে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷