46
লিডুঃ দেওবাৰে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় লিডুত৷ লিডুৰ পিৰ লাইন অঞ্চলৰ চাহাবুদ্দিন শ্বেইখ নামৰ এজন ব্যৱসায়ীৰ ভাড়া ঘৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটে আৰু নিমিষতে জুইৰ লেনিহান শিখাই তিনিটাকৈ বাসগৃহ সম্পূৰ্ণকৈ ভস্মীভূত কৰে৷
নিশা প্ৰায় ৯ মান বজাত সংঘটিত এই অগ্নিকাণ্ড ঘটনাত বহু লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে এখন স্কুটি সম্পূৰ্ণভাৱে জুইত জাহ যোৱাৰ তথ্য আহি পৰিছে৷