লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডু কলপাৰা গাঁৱৰ এগৰাকী কিশোৰীক যোৱা ২৫ ডিচেম্বৰ তাৰিখে নিজৰে ভিনিহিয়েকৰ দ্বাৰা সংঘটিত কৰা যৌন নিৰ্যাতনৰ বাতৰি সম্প্ৰতি পোহৰলৈ অহাত সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যকৰ সৃষ্টি হৈছে৷
নিজা পৰিয়ালৰ এগৰাকী সদস্যৰ বেমাৰ দেখুৱাবলৈ নি আদবাটতে কৰা এক নিৰ্লজ্জ কাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে৷ ঘটনাৰ বিৱৰণী মতে, লিডুৰ বঙালী গাঁৱৰ নিবাসী মুকেশ পণ্ডিতে (২৯) যোৱা ২৫ মাৰ্চত তেওঁৰে দশম শ্ৰেণীত অধ্যয়নৰত খুলশালীয়েকক ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ বেমাৰ দেখুৱাবলৈ বুলি নি থকা অৱস্থাত কোনো নথকা সুযোগ বুজি পথৰ দাঁতিত নিজে চলাই যোৱা গাড়ীৰ ভিতৰতে উপৰ্যোপৰি কু-চৰিতাৰ্থ পূৰণ কৰি পুনৰ গৃহত থৈ যায়হি৷