লিডুঃ ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ ব্যৱসায় বন্ধৰ সমৰ্থনত তীব্ৰ প্ৰতিবাদ৷ অবৈধ চুলাই মদ সেৱন কৰি শতাধিক লোকে কৰুণ মৃত্যুক আঁকোৱালী লোৱাৰ সময়তে একাংশ অসাধু লালি গুৰৰ ব্যৱসায়ীয়ে প্ৰশাসনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অব্যাহত ৰাখিছে মাৰাত্মক চুলাই মদৰ মুকলি বেহা৷
প্ৰশাসনৰ ১৪৪ ধাৰাকো উলংঘা কৰি এচাম অবৈধ চুলাই মদৰ ব্যৱসায়ীয়ে কুইণ্টলে কুইণ্টেলে লালি গুৰ সৰবৰাহ কৰি এনে বেহা অব্যাহত ৰখা কাৰ্যই এতিয়া চিন্তাম্বিত কৰি তুলিছে স্থানীয় আৰক্ষী প্ৰশাসনক।