65
লিডুঃ ৰাজ্যত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৃষ্টি হৈছে প্ৰতিবাদৰ ঢৌ৷ যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তৰ সমান্তৰালকৈ শুকুৰবাৰে শিলচৰৰ এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত আগবঢ়োৱা মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷
‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ বি জে পি চৰকাৰ বদ্ধপৰিকৰ’ বুলি মন্তব্য আগবঢ়োৱাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ জোৱাৰ৷