লিডুঃ লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ এখন সাধাৰণ সভা ৪ মাৰ্চত লিডু শংকৰ দেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । লোকনাথ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিগত বৰ্ষৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য বাখ্যা কৰে আৰু বিগত বৰ্ষৰ আয় ব্যয়ৰ খতিয়ান ডাঙি ধৰে।
সভাত লিডু অঞ্চলৰ বিশিষ্ট সমাজ সেৱক ডক্টৰ ৰঞিজিত দত্ত, সোমেশ্বৰ নেওগ, নোমল গগৈ, দণ্ডেশ্বৰ মিলি, মহেন্দ্ৰ বৰুৱা, হৰিনাৰায়ন বৰুৱা, ডম্বৰুধৰ নেওগ ইত্যাদিকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷