লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁওখনত চোৰৰ উপদ্ৰপে গাঁওবাসীক ইতিমধ্যে যথেষ্ট আতংকিত কৰি তুলিছে৷ চলিত মাহটোৰ ভিতৰতেই গাঁওখনৰ ভিন্ন প্ৰান্তৰ কেইবাটাও ঘৰত চোৰে ন ন কৌশলেৰে চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷
শুকুৰবাৰে নিশা লিডু ক্ষুদ্ৰ প্ৰাথমিক আৱাসিক অঞ্চলত এক চাঞ্চল্যকৰ চুৰিকাণ্ড ঘটনা সংঘটিত হয়৷ GNM নাৰ্ছ ৰূপে কৰ্মৰত সূৰ্যমালা দেউৰী নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰ প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷
নিশা চিকিৎসালয়ত কৰ্মৰত অৱস্থাত থকা মহলাগৰাকীৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে বহু লক্ষাধিক টকাৰ সা-সম্পতিৰ লগতে নগদ ধন৷ উল্লেখ্য যে চোৰে প্ৰথমে মহিলাগৰাকীৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু ভিতৰৰ সকলো বস্তু লণ্ড-ভণ্ড কৰি লোহাৰৰ এটা আলমাৰি গাড়ীত উঠাই উধাও হয়৷ য’ত মহিলাগৰাকীৰ বহু পৰিমানৰ সোনৰ আ-অলংকাৰ থকাৰ লগতে নগদ ধন ৩০ হাজাৰ টকা আৰু বহুতো মূল্যৱান নথি-পত্ৰ থকা বুলি জানিবলৈ দিয়ে৷
প্ৰায় ৪ লক্ষধিক টকাৰ সম্পতি চুৰি হোৱা বুলি পৰিয়ালৰ লোকে অৱগত কৰে৷ ইতিমধ্যে স্থানীয় লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷